বিশ্বনাথ চাৰিআলিঃ মানৱ সম্পদ নিৰ্মাণ কৰাৰ খনিকৰ স্বৰূপ শিক্ষক সকলে নিজকে উজ্জ্বল কৰি ৰখাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰো ভৱিষ্যত উজ্জ্বল কৰি তোলে। শুকুৰবাৰে তিনিসুতি হাইস্কুলৰ অমায়িক, নম্ৰ, ভদ্ৰ সহকাৰী শিক্ষক মনুল কুমাৰ ওজাক ৩৯ বছৰ শিক্ষা দান কৰাৰ অন্তত আনুষ্ঠানিকভাৱে বিদায় দিয়ে বিদ্যালয় কৰ্তৃপক্ষই৷
বিদায় সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা সভাত বিদ্যালয় প্ৰধান তথা কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ৰোহিণী শৰ্মাই আঁতধৰা সভাখনত সভাপতিত্ব কৰে তিনিসুতি হাইস্কুল পৰিচালনা সমিতিৰ স্থায়ী সভাপতি ইন্দ্ৰ শৰ্মাই। সভাত বিদ্যালয় প্ৰধান ৰোহিণী শৰ্মাই নিজে ৰচিত এটি কবিতাৰ জৰিয়তে বিদায়ী শিক্ষক মনুল কুমাৰ ওজাক অভিবাদন জনায়।