62
কাজিৰঙাঃ বিচিচিআইৰ সচিব অমিতাভ চৌধুৰীয়ে বৃহস্পতিবাৰে কাজিৰঙাত উপস্থিত হৈ শুকুৰবাৰে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে৷ কাজিৰঙা পৰিদৰ্শন কৰি আপ্লুত হৈ সচিবগৰাকীয়ে সংবাদমাধ্যমৰ লোকৰ সৈতও কথ-বতৰা পাতে৷
সাংবাদিকৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ দিশত মন্তব্য আগবঢ়ায় চৌধুৰীয়ে৷ অসমত এক দশক ধৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বিলীন হৈ গৈছিল বুলি মত প্ৰকাশ কৰি পুণৰ ক্ৰিকেটৰ জনপ্ৰিয়তা ঘুৰাই অনাটো অসমৰ ক্ৰিকেট জগতৰ বাবে অন্যতম উল্লেখনীয় দিশ বুলি কয়৷