মুছলপুৰঃ দেওবাৰৰ পৰা বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰত অনুষ্ঠিত হোৱা বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচী মকলি সভা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হয়৷ মঙলবাৰে লোকে লোকাৰণ্য হৈ পৰে বিটিএডিৰ বাক্সা জিলাৰ সদৰ মুছলপুৰ৷ যোৱা প্ৰায় দুমাহৰ প্ৰস্তুতিৰ অন্তত দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ ৫৭ সংখ্যক অধিৱেশন উপলক্ষে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হয়৷
মঙলবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত অংশ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোণোৱালে কয় সাহিত্য হ’ল জাতিৰ দাপোন৷ সাহিত্যৰ জৰিয়তে জাতিৰ পৰিচয় প্ৰতিফলিত হয়৷ সাহিত্যই সদায় জাতিটোক গতিশিল কৰে৷ জাতি গঠনত সাহিত্যই শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে৷ বড়ো জাতিৰ এই অনুষ্ঠানটোৱে বড়ো জনগোষ্ঠীটো সজাগ আৰু সচেতন কৰি যুৱ প্ৰজন্মক দিক নিদৰ্শন কৰি আহিছে বুলি কয়৷