64
গুৱাহাটীঃ লুইতৰ পাৰৰ দুভৰিৰ উথপথপ৷ বৰলুইতৰ পাৰৰ চহা সৌন্দৰ্যক স্বীকৃতি দিয়াৰ প্ৰয়াস বৰলুইত সংস্কৃতি কৰ্মীৰ৷ বৰলুইত সংস্কৃতিৰ উদ্যোগত আৰু আইদেউ টকীজ অসমৰ সহযোগত সুন্দৰ আৰু সুন্দৰী সকলক এখন মঞ্চ প্ৰদানৰ উদ্দেশ্যৰে এক বিশাল প্ৰস্তুতি চলোৱা হৈছে৷
অহা ৯ চেপ্তেম্বৰত দক্ষিণ কামৰূপ জিলাৰ ৰঙিয়াৰ মুৰাৰাস্থিত ‘প্ৰগতি সংঘ’ৰ বাকৰিত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিব প্ৰায় ৫০ গৰাকী যুৱক-যুৱতীয়ে৷