53
অভয়াপুৰীঃ বৰমৌৰ কামোৰত এগৰাকী যুৱতীৰ মৃত্যু ঘটা বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাত। জিলাখনৰ অভয়াপুৰীৰ সমীপৱৰ্ত্তী উত্তৰ শালমাৰাৰ মালিপাৰাত সংঘটিত হয় এই ঘটনা।
প্ৰাপ্ত বাতৰি মতে কালি পুৱা প্ৰায় ১১-০০মান বজাত ঘৰৰ কাষৰ আমগছ এডালত বাহ লৈ থকা এজাক বৰমৌৱে অঞ্চলটোৰ মহন্ত ৰায়ৰ ২৬ বৰ্ষীয় কন্যা শুকুনি ৰায়ক আক্ৰমণ কৰে। সেই সময়ত ঘৰুৱা কাম-কাজত ব্যস্ত হৈ আছিল শুকুনি।