ডিজিটেল  ডেক্সঃ মানৱীয়তা  এতিয়াও জীয়াই আছে৷ তাৰে প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হয় কেৰেলাৰ এজন ভিক্ষাৰীয়ে৷ কেৰেলাত বানপীড়িত লোকৰ বাবে সহায় কৰিব খোজা এজন ভিক্ষাৰীৰ বিষয়ে ইতিমধ্যে সকলোতে বিয়পি পৰিছে৷ টিএম ৰচিদে ফেচবুকত প্ৰকাশ কৰা এই ঘটনাৰাজিৰ পাছত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টিএম ৰচিদ এগৰাকী কেৰেলাৰ এৰাটটুপেট্টা নগৰৰ নিগমৰ চেয়াৰমেনৰ পদত বৰ্তমানে অধিষ্ঠিত৷ 

ঘটনাক্ৰমে, কমেও এসপ্তাহৰ আগেয়েই ৰচিদৰ ঘৰৰ দুৱাৰ সন্মুখত এজন ভিক্ষাৰীয়ে ভিক্ষা খুজিবলৈ আহে৷ ঘৰৰ মালিকে তেখেতক ভিক্ষাৰী ভাবি ২০ টকা হাতত গুজি দিয়ে৷ সেই মুহুৰ্তৰ কাণ্ড দেখি ৰচিদ অলপ সময়ৰ বাবে স্তব্ধ হৈ পৰে৷ কিয়নো টকা দিয়াৰ মাত্ৰেই ভিক্ষাৰী জনে চোতালত বহি খুচুৰা টকা কেইটা হিচাপ কৰাত লাগি যায়৷ মুঠ জমা হোৱা ৯৪ টকা ৰচিদক ঘূৰাই দিয়ে৷ টকাখিনি দিয়াৰ সময়ত ভিক্ষাৰী গৰাকীয়ে বানপীড়িত লোকক সহায় কৰিবলৈ ইচ্ছা থকাৰ বিষয়ে ব্যক্ত কৰে৷ ত্ৰাণ তহবিলৰ বাবে টকা ক’ত দান কৰে সেই বিষয়ে ভিক্ষাৰীজনে নজনাৰ বাবে ৪ কিঃমি খোজ কাঢ়ি ৰচিদক টকা কেইটা দিবলৈ আহে বুলি কয় ভিক্ষাৰীজনে৷ 

ৰচিদে এই ঘটনাৰ পাছত আত্মীয় মনোৰমাক নিজৰ অনুভৱৰ বিষয়ে ব্যক্ত কৰে৷ এই বিষয়ত অত্যন্ত সুখ অনুভৱ কৰা ৰচিদে হাজাৰ কষ্টৰ পাছতো কোনো এজন ব্যক্তি বহল হৃদয়ৰ কেনেকৈ হ’ব পাৰে বুলি প্ৰশ্ন কৰিছে৷ যাৰ বাবে ৰচিদে আনন্দত আত্মহাৰা হৈ বিষয়টোক ফেচবুকৰ জৰিয়তে প্ৰকাশ কৰে৷ 

কেৰেলাৰ ক’ট্টায়ম চহৰৰ বাসিন্দা মোহানন নামৰ ভিক্ষাৰীজন৷ শৰীৰ অশোচনীয় তথা দুবেলা দুমুঠি খাবলৈ নোপোৱা অসহায় ভিক্ষাৰীজনে বানপীড়িত কেৰেলাৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ যাৰ বাবে মনত অদম্য সাহস আৰু বহল মনৰ অধিকাৰী হোৱাটো প্ৰয়োজনীয়৷ ঠায়ে ঠায়ে এই মহান কামৰ বাবে মোহানন এতিয়া সকলোৰে প্ৰশংসনীয় হৈ পৰিছে৷ যাক সকলোৱে মানৱতাৰ এক অদ্ভুত উদাহৰণৰ ৰূপত প্ৰকাশ কৰিছে৷