বিহালীঃ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰাৰ সময়তে শনিবাৰে নিশা বিশ্বনাথ জিলাৰ বিহালীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নিহত লোকজন বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলী গাঁৱৰ গকুল দাস (৪৫)বুলি জানিব পৰা গৈছে৷ জানিব পৰা মতে, নিশা এটি হাতীৰ জাক বৰাজুলি অঞ্চলত প্ৰবেশ কৰি আতংকৰ সৃষ্টি কৰে৷
পিছত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটো খেদাৰ চেষ্টা কৰে৷ তেনে সময়তে বনবিভাগক সহায় কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছিল গকুলে৷ নিশা প্ৰায় এঘাৰ বজাত দৰিদ্ৰ কৃষক গকুল দাসে বনকৰ্মীৰ সৈকে হাতী খেদি থকাৰ অৱস্থাতে জাকৰ পৰা ফালৰি কাটি অহা এটি হাতীয়ে আক্ৰমণ কৰে৷ গকুলৰ হাতীৰ আক্ৰমণত কিছু সময় পিছতে মৃত্যু হয়৷