বিহালীঃ অৱশেষত গঁড় হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ যোৱা ৪০ ঘন্টাত বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে হাতী-গঁড়ৰ মৃত্যু হৈ আহিছে যদিও কোনো সংগঠনে প্ৰতিবাদ সাব্যস্ত নকৰাত অৱশেষত শব্দটো ব্যৱহাৰ কৰিব লগা হৈছে৷ পূৰ্বে গঁড় নতুবা হাতীৰ মৃত্যু হলে ৰাজ পথ মুহূৰ্ততে উত্তাল হৈ পৰিছিল৷

এতিয়া হয়তো আন্দোলনকাৰীসকলে আন্দোলন কৰিবলৈ ভয় কৰা হৈছে৷ কিয়নো চৰকাৰে আন্দোলনকাৰীক জেলত ভৰাই থোৱাৰ লগতে এনএছএ লগাই জেলত বন্দী কৰা ৰখাৰ চেষ্টা চলাই৷ যাৰ ফলত হয়তো ক্ৰমান্বয়ে প্ৰতিবাদ কমি আহিছে ৰাজ্যত৷ যোৱা ৪০ ঘন্টাৰ ভিতৰত ৰাজ্যত ৪টা হাতীৰ অকালতে মৃত্যু হোৱাৰ লগতে এটি গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে৷

আনহাতে এটি হাতী গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হোৱাৰ লগতে এটি গঁড়ক চোৰাং চিকাৰীয়ে হত্যা কৰি খৰ্গ নিয়াৰ চেষ্টা চলাই৷ এই ঘটনাৰ বিৰুদ্ধে বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঙত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি সংগঠন দুটাই কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ নৰ্ডান ৰেঞ্জৰ ৰেঞ্জাৰ প্ৰাঞ্জল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰে৷ কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত গঁড় হত্যাৰ ব্লু-প্ৰিন্ট ৰচা বুলি বন বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি সংগঠনটোৱে বিষয়াগৰাকীক গ্ৰেপ্তাৰৰ দাবী জনায়। ১১ ফেব্ৰুৱাৰীত পূৱ শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত এটি প্ৰাপ্ত বয়স্ক গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিছিল। ফলত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰাজ্যৰ বন বিভাগ এতিয়া অন্যতম ব্যৰ্থ বিভাগত পৰিণত হৈছে ৷ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰে কথা কয় যদিও সকলো ফুটুকৰা ফেনত পৰিণত হয়৷ ব্যৰ্থ বন বিভাগটোৰ বাবে যোৱা ৪০ ঘন্টাৰ ভিতৰত ৰাজ্যত চাৰিটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে চোৰাং চিকাৰীয়ে এটি গঁড় হত্যা কৰি খৰ্গ কাটি লৈ যায়৷

বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এতিয়া ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই পুনৰ এটি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ চেষ্টা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বিশ্বনাথ জিলাৰ বাঘমাৰীত গঁড় হত্যা কৰি খৰ্গ কাটি নিয়ে আৰু দেওবাৰে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত সোমবাৰে পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হয় এটি আহত গঁড়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হয় গঁড়টো।

জানিব পৰা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোমবাৰে কেইবাগৰাকী বিদেশী পৰ্যটকে উদ্যান খন ভ্ৰমণ কৰে৷ ভ্ৰমণ কালত কেইগৰাকীমান পৰ্যটকে গঁড়টো চটফটাই থকা প্ৰত্যক্ষ কৰে৷ ততাতৈয়াকৈ পৰ্যটক কেইগৰাকীয়ে বন বিভাগৰ লোকক খবৰ দিয়ে। চোৰাংচিকাৰীয়ে দেওবাৰে নিশা গড়টোক গুলীয়াই আহত কৰাৰ সন্দেহ কৰা হৈছে।

নিতৌ গঁড় হত্যা হৈ অহাত কাজিৰঙা এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ৰাইজে চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটে ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল বুলি কৈ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি এতিয়া প্ৰতিশ্ৰুতি হৈ থাকিল বুলি কয়৷
বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ চোৰাং চিকাৰীয়ে বন বিভাগৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷

আনহাতে তৰুণ গগৈৰ চৰকাৰৰ কালত কাজিৰঙাত নতুবা আন ঠাইত গঁড, হাতীৰ হত্যা হলে প্ৰতিক্ৰিয়া-প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই যোৱা আহিছিল যদিও শেহতীয়াকৈ বন বিভাগ তথা ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে প্ৰতিদিনে হাতী-গঁড়ৰ মৃত্যু হৈ আছে যদিও ধৰোতা কোনো নাই, মাত দিওঁতা কোনাে নাই৷ একাংশ লোকে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ কিয় নিমাত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷ ইপিনে, বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ ফলত শনিবাৰে নিশা দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাই চাৰিটাকৈ বনৰীয়া হাতীয়ে।

শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত হোজাই জিলাৰ লংকাৰ হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। উজনিমুৱা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলখনে নিশা হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজৰ ১৬৭ নম্বৰৰ মাইল পোষ্টৰ ওচৰত ৰেল লাইন পাৰ হবলৈ ধৰা পাঁচটা হাতীক মহতীয়াই নিয়াত চাৰিটা হাতীৰ মৃত্যু হোৱাৰ লগতে এটি হাতী আহত হয়৷