বিহালীঃ অৱশেষত গঁড় হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ যোৱা ৪০ ঘন্টাত বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে হাতী-গঁড়ৰ মৃত্যু হৈ আহিছে যদিও কোনো সংগঠনে প্ৰতিবাদ সাব্যস্ত নকৰাত অৱশেষত শব্দটো ব্যৱহাৰ কৰিব লগা হৈছে৷ পূৰ্বে গঁড় নতুবা হাতীৰ মৃত্যু হলে ৰাজ পথ মুহূৰ্ততে উত্তাল হৈ পৰিছিল৷
এতিয়া হয়তো আন্দোলনকাৰীসকলে আন্দোলন কৰিবলৈ ভয় কৰা হৈছে৷ কিয়নো চৰকাৰে আন্দোলনকাৰীক জেলত ভৰাই থোৱাৰ লগতে এনএছএ লগাই জেলত বন্দী কৰা ৰখাৰ চেষ্টা চলাই৷ যাৰ ফলত হয়তো ক্ৰমান্বয়ে প্ৰতিবাদ কমি আহিছে ৰাজ্যত৷ যোৱা ৪০ ঘন্টাৰ ভিতৰত ৰাজ্যত ৪টা হাতীৰ অকালতে মৃত্যু হোৱাৰ লগতে এটি গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে৷