কোকৰাঝাৰঃ সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কোকৰাঝাৰ জিলা সমিতিয়ে সোমবাৰে যৌথভাৱে কোকৰাঝাৰত আঢ়ৈ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
কোকৰাঝাৰ জিলা উপায়ুক্তৰ সমীপৰ শিশু উদ্যানত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী সকলক বিদেশীৰ নামত হাৰাশাস্তি বন্ধ কৰা, ডিটেনশন কেম্পত আৱদ্ধ হৈ থকা বৈধ বাঙালীসকলক অতিশীঘ্ৰে মুক্তি দিয়া, শীঘ্ৰে নিখুঁতভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা আৰু ডি ভোটাৰৰ নামত সন্ত্ৰাস বন্ধ কৰাৰ দাবীকে ধৰি আন কেইবাটাও দাবীৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷