বেংগালুৰুঃ বিশ্বৰ অন্যতম কম খৰচী চহৰ বেংগালুৰু৷ অবিশ্বাস্য হ’লেও দ্যা ইক’নমিষ্ট গ্ৰুপৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ বিশ্বৰ তৃতীয় কম খৰচী চহৰ হৈছে বেংগালুৰু৷ দেশৰ মুঠ ৪ খন চহৰে এই সমীক্ষাত স্থান পাইছে৷ তালিকাত স্থান পোৱা চহৰকেইখন হৈছে চেন্নাই, মুম্বাই আৰু দিল্লী৷ মুলত দৈনন্দিন ঘৰুৱা সামগ্ৰীসমুহৰ মুল্য আৰু পৰিবহন সেৱা, ব্যক্তিগত বিদ্যালয়ৰ ওপৰত ভিত্তি কৰি এই সমীক্ষা প্ৰস্তুত কৰা হৈছে৷

আনহাতে বিশ্বৰ আটাইতকৈ খৰচী চহৰখন হৈছে চিংগাপুৰ। আনহাতে আটাইতকৈ কম খৰচী চহৰ হৈছে কাজাখাস্তান৷ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ ১০ খন কম খৰচী চহৰেই এছিয়াৰ৷