49
দলংঘাটঃ সদৌ অসম ছাত্ৰ সন্থাৰ দেওমৰনৈ আঞ্চলিক সমিতিয়ে দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে৷ দেওমৰনৈ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণত এশ গছি বন্তি প্রজ্বলনেৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰে৷
দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ অধ্যক্ষ মতিৰাম শইকীয়াই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।