পাথৰিঘাটঃ সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অন্যতম শাখা বৰমপুৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি বৰমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এহেজাৰ গছি বন্তি প্ৰজ্বলনেৰে পালন ককৰা হয়।
সমাজকৰ্মী জেহেৰুল হকে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মূখ্য বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে মহলীয়াপাৰাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃত্যৃঞ্জয় ডেকাই। সংগীতৰ মহাসাগৰ মন্থন কৰি ভূপেন হাজৰিকাই অসমবাসীলৈ উপহাৰ দিছিল সুৰ সংগীতৰ অক্ষয় অমৃত, সেইবাবেই লুইতৰ পানী যিমান দিনলৈকে বৈ থাকিব , সিমান দিনলৈ অসমীয়া শ্ৰদ্ধাৰে স্মৰণ কৰি যাৱ গণশিল্পী জনক বুলি কৈ সাৰুৱা ভাষণ আগবঢ়াই।