54
কাকপথাৰঃ কাকপথাৰৰ সংগীত মহাবিদ্যালয়ে দেওবাৰে ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিকী মৃত্যু দিৱস দিনজোৰা কাৰ্যসূচীৰে পালন কৰে।
মহাবিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা সংগীত প্ৰেমীৰ উপস্থিতিত পুৱা ১০ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন, মাল্য অৰ্পনেৰে শুভাৰম্ভ কৰে তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱানী চাংকাকতী আৰু সঙ্গীত মহাবিদ্যালয়ৰ অন্যতম দাতা-সদস্য লংকেশ্বৰ বৰুৱাই।