কামপুৰ/বাহাকাবাৰীঃ অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পুৱাই নৈৰ পাৰত গালে বহু লোকে৷ দেওবাৰে পুৱাই কামপুৰৰ কপিলী নৈৰ পাৰত আৱাল, বৃদ্ধ বনিতাই গালে মানুহে মানুহৰ বাবে কালজয়ী গীত।
সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰৰ কপিলী নৈৰ পাৰত সুধাকণ্ঠক স্মৰণ কৰিলে কামপুৰৰ গাৰুখুন্দাৰ লোকে৷ জাতি জনগোষ্ঠী মিলনৰ ভূমি গাৰুখুন্দাৰ ৰাইজে পুৱাই এক ব্যতিক্ৰমী কাৰ্যসূচীৰে সুধাকণ্ঠৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। আৱক্ষ প্ৰতিমূৰ্তিত পুৱাই জল স্নান কৰাৰ পিছতে থলুৱা গামোচাৰ লগতে কাৰ্বি গামোচাৰে শ্ৰদ্ধঞ্জলি যাচে সুধাকন্ঠক।