ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ বিএইচ লয়াৰ মৃত্যুৰ ঘটনাক লৈ কৰা তদন্তৰ আবেদন বৃহস্পতিবাৰে খাৰিজ কৰে৷ এই ঘটনাৰ তদন্তৰ বাবে বিশেষ সমিতি গঠনৰ পোষকতাকো খাৰিজ কৰে৷ আদালতে আবেদনকাৰীৰ ইচ্ছাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ শুনানিৰ কালত আদালতে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন অৰ্থাৎ পিআইএল ভুলকৈ ব্যৱহাৰ কৰা বুলিও কয়৷ 

আদালতে ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন অৰ্থাৎ পিআইএল ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ ন্যায়পালিকক বদনাম কৰাৰ চেষ্টা কৰিছে বুলিও কয়৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ ৰহস্যজনক মৃত্যুৰ নিৰপেক্ষ তদন্ত কৰাৰ আবেদন গ্ৰহণ সন্দৰ্ভত বৃহস্পতিবাৰে ৰায় প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ, ন্যায়াধীশ এম এম খানবিলকৰ আৰু ডী ৱাই চন্দ্ৰচূড়ৰ আদালতে ১৬ মাৰ্চত প্ৰদান কৰা ৰায় সুৰক্ষিত ৰাখে৷

চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বি এইচ লোয়াৰ মৃত্যুক কেন্দ্ৰ কৰি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে তদন্তৰ দাবী উত্থাপন কৰিছিল৷ তদন্তৰ দাবী উত্থাপনৰ পাছত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কেইবাজনো লোকৰ আবেদন গ্ৰহণ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিছিল৷ 

উল্লেখ্য যে, ২০১৪ চনৰ ১ ডিচেম্বৰত নাগপুৰত চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশগৰাকীৰ মৃত্যু হৈছিল৷ সেই সময়ত ন্যয়াধীশগৰাকীয়ে বিজেপিৰ বৰ্তমানৰ সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে এটি হত্যাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল৷ চোহৰাবুদ্দিন শ্বেখৰ ভুৱা এনকাউন্টাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল৷ 

এটি সংবাদ প্ৰতিষ্ঠানে বাতৰি প্ৰকাশ কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় দেশত৷ কংগ্ৰেছ নেতা তহচীন পুনেৱালা, পত্ৰকাৰ বি এইচ লোন, মুম্বাই লয়াৰ্চ এচ’চিয়েছন সহ বিভিন্ন দল-সংগঠনে লয়াৰ মৃত্যুৰ আঁৰত প্ৰভাৱশালী লোকৰ হাত থকাৰ সন্দেহ কৰি উচ্চতম ন্যায়ালয়ত তদন্তৰ আবেদন জনাইছিল৷ ফলস্বৰূপে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধীশৰ দলে এই ঘটনাৰ শুনানি গ্ৰহণ কৰে আৰু আৱেদনৰ তদন্ত সন্দৰ্ভত ৰায় প্ৰদান কৰে বৃহস্পতিবাৰে৷ 

গোচৰৰ অন্তিম শুনানি কালত মহাৰাষ্ট্ৰ চৰকাৰৰ অধিবক্তা মুকুল ৰোহতগীয়ে আবেদনকাৰীসকলৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আবেদনকাৰীসকলে কেৱল ঘটনাক বহলাব বিচাৰিছে বুলি কয়৷ ৰোহতগীয়ে কৈছে যে আবেদনকাৰীয়ে ন্যায়াধীশ, অধিবক্তা, আৰক্ষী, চিকিৎসকে সকলোৱে লগলাগি আছে বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি আবেদনকাৰীৰ উভতি ধৰে৷ এয়া উটচিত নহয় এয়া এক ঘাতক চিন্তা আখ্যা দিছিল৷ ন্যায়াধীশক সুৰক্ষা দিয়াটো দেশৰ মুখ্য ন্যায়াধীশৰ কৰ্তব্য আৰু এয়া সুনিশ্চিত কৰিব লাগে যে আইনৰ শাসন চলিব লাগে৷

ন্যায়াধীশৰ মৃত্যুক লৈ সন্দেহ কৰা খবৰ ভুৱা বুলি কয় আবেদনকাৰীয়ে অৰ্থহীন কামত লাগি গৈছে৷ আবেদনকাৰীৰ মতে বিয়া খাবলৈ যোৱা ৫ ন্যায়াধীশৰ অন্য ৪ জন ভূমিকা লন্দেহজনক৷

আবেদনকৰীৰ মতে ন্যায়াধীশক আদালতত থিয় কৰাটো বিচাৰিছে৷ কোনেৱে কৈছো মুম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক সমিতিৰ বিৰুদ্ধে অৱমননাৰ তদন্ত হ’ব লাগে৷ আবেদনকাৰীয়ে কৈছে তদন্ত তিনিদিনত কেনেকৈ সম্পূৰ্ণ হ’ল? ন্যায়াধীশক সেই খন চিকিৎসালয়লৈ কিয় নিয়া হৈছিল? অন্য চিকিৎসালয়ত কিয় নিনিলে? অটোত কিয় চিকিৎসালয়ত নিয়া হ’ল৷ কিন্তু সচাটো এই যে ন্যায়াধীশগৰাকীক সহযোগী ন্যায়াধীশৰ গাড়ীত হে নিয়া হৈছিল৷ আৱেদনকাৰীয়ে মনেসজা গল্প সাজিছে বুলিও কয় ৰোগতগীয়ে৷

উল্লেখ্য যে, ন্যায়াধীশ বৃজ গোপাল হৰকিষণ লয়াৰ মৃত্যুক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতি ক্ৰমান্বয়ে গৰম হৈ পৰিছিল এবছৰ পূৰ্বে। বৃজ গোপাল হৰকিষণ লয়াৰ পুত্ৰই পিতৃৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আৰু সকলো বিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল৷ ন্যায়াধীশ লয়াই দুগৰাকী ন্যায়াধীশৰ সৈতে লগ লাগি ২০১৪ চনৰ ১ ডিচেম্বৰত এগৰাকী সহকৰ্মীৰ কন্যাৰ বিয়া খাবলৈ গৈ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল৷

সেই সময়ত ন্যায়াধীশগৰাকীৰ পৰিয়ালৰ লোকক খবৰ নিদিয়াকৈ মৰণোত্তৰ পৰীক্ষা পৰ্যন্ত কৰা হৈছিল৷ CARAVAN নামৰ আলোচনী খনে ঘটনাৰ প্ৰায় দুবছৰৰ মূৰকত প্ৰায় ৩মাহ পূৰ্বে এক প্ৰতিবেদন প্ৰকাশ কৰি এই ঘটনা সন্দৰ্ভত কিছু তথ্য ফাদিল কৰিছিল৷ তাৰ পিছৰে পৰা এই ঘটনাই নতুন মোৰ লৈছিল যদিও  ন্যায়াধীশ লয়াৰ পুত্ৰ অনুজ লয়াই এক সংবাদ মেল অনুষ্ঠিত কৰি পিতৃৰ মৃত্যুৰ ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আৰু সকলো বিবাদ সমাপ্ত কৰিবলৈ আহ্বান জনাইছিল ৩ মাহ পূৰ্বে৷

বৰ্তমানৰ বিজেপি দলৰ সভাপতি অমিত শ্বাহৰ নাম থকা চোহৰাবুদ্দিন এনকাউন্টাৰ গোচৰৰ চিবিআই ন্যায়াধীশ আছিল লয়া৷ উক্ত গোচৰত অমিত শ্বাহক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল৷ কিন্তু অমিত শ্বাহে আদালতত হাজিৰ হোৱা নাছিল৷ CARAVAN আলোচনীয়ে প্ৰতিবেদনত উক্ত নিশা অসুস্থ ন্যায়াধীশগৰাকীক  অটোৰে চিকিৎসালয়লৈ নিয়া, ইচিজি নকৰা, পৰিয়ালক খবৰ নিদিয়া, মৰণোত্তৰ পৰীক্ষা কৰা, কেৱল চালকে চহৰৰ ঘৰত মৃতদেহ গতাই দিয়াৰ পৰিবৰ্তে পৰিয়ালক অৱগত নকৰাকৈ গাঁৱৰ ঘৰলৈ মৃতদেহ লৈ যোৱা, এগৰাকী লোকে মাথো এম্বুলেন্সেৰে মৃতদেহ চমজাই দি অহা আদি কথা প্ৰকাশ কৰি প্ৰতিবেদন প্ৰকাশ কৰাত ঘটনাক পুনৰ চৰ্চালৈ আনে৷ তাৰ পিছতে কেইবাগৰাকী লোকে তদন্তৰ আবেদন কৰিছিল আদালতত।