newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ জাজৰিৰ অন্তৰ্গত ঢলপুৰীয়া দলৈগাঁৱৰ বামুণগোহাঁই থানত ব্যাপক ওলহ-মালহেৰে পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু তিৱা আঞ্চলিক মহাসভাৰ সৌজন্যত দিনজোৰা ব্যতিক্ৰমী কাৰ্যক্ৰমণিকাৰে অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা শিৱসাগৰ জকাই সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত ভদ্ৰকৃষ্ণ গোস্বামীৰ প্ৰথম আদ্যশ্ৰাদ্ধ উদযাপন কৰা হয়।
পুৱা ৬ বজাত স্থানীয় ৰাইজৰ দ্বাৰা ঊষা কীৰ্তন আৰু চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত পৰিবেশ সজাগতাৰ দৰে মহান উদ্দেশ্য আগত ৰাখি সমাজকৰ্মী বাবুল দেউৰী, নগেন বৰদলৈ, প্ৰদীপ বৰদলৈ আৰু কুলাই বৰদলৈৰ উপস্থিতিত থান প্ৰাংগণত বৃক্ষৰোপন কৰা হয়৷ ৮.৩০ বজাত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি ঘনমোহন গোস্বামীৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত প্ৰয়াত সত্ৰাধিকাৰ প্ৰভুজনাৰ প্ৰতিকৃতি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ঠগিত মহন্তই।