ভদ্ৰকঃ অযোধ্যাৰ পিছত এইবাৰ ৰাম অাৰু সীতক লৈ ফেইচবুক অাপত্তিজনক মন্তব্য পিছতেই সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত হোৱা উৰিষ্যাত ভদ্ৰক চহৰৰ পৰিস্থিতি এতিয়াও স্পৰ্শকাতৰ। বৃহস্পতিবাৰৰ পৰা চহৰখনৰ পৰিবেশ অতিকৈ স্পৰ্শকাতৰ হৈ পৰাত স্কুল-কলেজ, দোকান-পোহাৰ অাদি বন্ধ হৈ পৰে।
কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহ’বলৈ কটকটীয়া নিৰীক্ষণ ব্যৱস্থা সমগ্ৰ চহৰখনতে গঢ়ি তোলা হৈছে বুলি জানিবলৈ দিয়ে অাৰক্ষী অধীক্ষক দিলীপ কুমাৰ দাসে। চহৰখনত সান্ধ্য অাইন জাৰি কৰাৰ লগতে এতিয়ালৈ ৩৫ জন লোকক অাৰক্ষীয়ে অাটক কৰিছে। দোকান-পোহাৰত অগ্নিসংযোগ কৰাৰ দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে যদিও এতিয়ালৈ কোনো হতাহত হোৱা নাই।