Home ৰাজ্যপাহাৰীয়া জিলাৰ বোকাজানত অখণ্ড ভাগৱত পাঠৰ অায়োজন

পাহাৰীয়া জিলাৰ বোকাজানত অখণ্ড ভাগৱত পাঠৰ অায়োজন

by News Desk
193 views
A+A-
Reset

বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান নগৰৰ শুকানজানস্থিত শ্ৰীশ্ৰী শংকৰ-মাধৱ মিলনজ্যোতি নামঘৰ প্ৰাংগণত অহা ২৫ নবেম্বৰ পৰা ০২ ডিচেম্বৰ বিস্তিত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অখণ্ড ভাগৱত পাঠ৷ শ্ৰীমদ্ভাগৱত শাস্ত্ৰ মহাপ্ৰভু গোবিন্দৰ বাংময় মূৰ্তি স্বৰূপ৷ ভগবৎ শাস্ত্ৰ শ্ৰৱণ, পঠন অথবা দৰ্শন কৰিলে মনুষ্য জীৱন সাৰ্থক হয়৷

উত্তম শাস্ত্ৰৰ অমৃতোপম ৰসতত্ত্ব পান কৰাৰ লক্ষ্যৰে তথা ঐক্য, শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ মহান উদ্দেশ্য সাৰোগত কৰি অনুপম শাস্ত্ৰ শ্ৰৱণ কৰাৰ মানসেৰে বোকাজান আঞ্চলিক অখণ্ড ভাগৱত পাঠ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ভাগৱত পাঠ৷ কাৰ্যাসূচী অনুসৰি ২৫ নবেম্বৰৰ পুৱা ৫.৩০ বজাত প্ৰাতঃপ্ৰসঙ্গ, ৭ বজাত ভাগৱত প্ৰদক্ষিণৰ পাছত ৯ বজাত ভাগৱত প্ৰতিষ্ঠা কৰিব চাৰিঙৰ বিজয় মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0