ডিজিটেল ডেস্কঃ লাঞ্চিত-বঞ্চিত দলিতৰ বাবে প্ৰতিবাদ কৰি অৱশেষত দলিতৰ বাবে প্ৰাণ দিয়া ভানুভাই বণকৰৰ মৃতদেহ অৱশেষত চমজি লৈ দলিত সমাজে সৎকাৰ কৰে৷ গুজৰাটৰ দলিত সংগঠনৰ নেতা ভানুভাই বণকৰৰ মৃতদেহ পৰিয়ালবৰ্গই চমজি লোৱাৰ পাছত সোমবাৰে বণকৰৰ মৃতদেহ সৎকাৰ কৰে ৰাইজে৷ জানিব পৰা মতে, ভানুভাই বণকৰৰ মৃত্যুৰ পিছৰে পৰা ৰাজ্যখনৰ বিভিন্ন ঠাইত দলিত সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
দলিত সমাজে বিৰোধ প্ৰদৰ্শন কৰি ঠায়ে ঠায়ে পথ অৱৰোধ কৰাৰ লগে লগে অগ্নি সংযোগ কৰা পৰিলক্ষিত হয়৷ উল্লেখ্য যে, দলিত নেতাগৰাকীয়ে দলিতৰ বাবে আৱন্টিত ভূমি দলিত সমাজক গতাই দিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছিল৷ কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কেইদিনমান পূৰ্বে দলিত কাৰ্যকৰ্তা ভানুভাই বণকৰে উত্তৰ গুজৰাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আত্মজাহ দিয়ে৷ এই ঘটনাক লৈয়ে দেওবাৰে দলিত নেতাৰ লগতে গুজৰাটৰ বিধায়ক জীগনেছ মেৱানী তথা ১০০ জন লোকক আৰক্ষীয়ে আটক কৰিছিল৷