নগাঁওঃ ‘মাহ কৰাই খাওঁ, বাটে বাটে যাওঁ, মোৰ লগত যিয়ে আহে, তাকো এগাল দিওঁ’৷ হয়, মাহ কৰাইৰ পৰা আৰম্ভ কৰি মাছ, মাংসলৈকে মাঘবিহু যেন ভোগৰ বিহু৷ ভোগৰ উৎসৱ ভোগালী বিহুৰ বাবে মাজত মাথো কেইটামান ঘন্টা৷ অসমৰ গাঁৱৰ পথাৰত সকলো ব্যস্ত ভেলাঘৰত অন্তিম পৰশ দিয়াত৷ নিজ নিজ ঘৰত ব্যস্ত মহিলাসকল৷ এতিয়া যেন কাৰোৰে আহৰি নাই৷
ভোগৰ ভোগজৰাক লৈ পুনৰ অসমীয়াৰ চোতাল পালেহি বাপতিসাহোন আদৰৰ ভোগালী বিহু৷ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ চলিছে পূৰ্ণ প্ৰস্তুতি৷ জীয়ৰী-বোৱাৰী, ডেকা-বুঢ়া সকলো যেন ব্যস্ত হৈ পৰিছে আদৰৰ বিহুক আদৰিবলৈ৷ পাকঘৰৰ পৰা পথাৰলৈকে সকলোতে এতিয়া বিদ্যমান ভোগালীৰ ছবি৷ কৃষ্টি আৰু পৰম্পৰাই যেন জীপাল কৰি তুলিছে মানুহৰ মন আৰু পথাৰখনক৷