ওদালগুৰিঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি আজি ওদালগুৰিৰ বিভিন্ন নামঘৰ, সত্ৰসমূহত আজি প্ৰজ্বলন কৰা হয় ভোগালীৰ মেজি। পুৱাই ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত মেজি প্ৰজ্বলন কৰা হয়। ইফালে ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ প্ৰাঙ্গণতো অজস্ৰ আই মাতৃ বাপ বান্ধৱৰ উপস্থিতিত মেজি প্ৰজ্বলিত হয়।

ইয়াৰ পূৰ্ৱে নামঘৰত নাম প্ৰসঙ্গৰ পাছত সত্ৰীয়া পৰম্পৰা অনুসৰি মেজিৰ চৌপাশে তিনিপাক পৰিভ্ৰমণ কৰি হৰিধ্বনিৰে মেজিত অগ্নিসংযোগ কৰে। ইয়াৰ পাছত উপস্থিত আই মাতৃ বাপ বান্ধৱসকলে মেজিৰ সন্মুখত নেদেখাজনক প্ৰাৰ্থনা কৰি সমগ্ৰ বিশ্বৱাসীৰ মঙ্গল কামনা কৰে।