• মহিলা সকলৰ মাজত খেল ধেমালি অনুষ্ঠিত

মাজুলীঃ মাজুলীৰ লাহলিয়াল গাঁৱৰ যুৱক সকলৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে গাঁওবাসীৰ মহিলা সকলৰ মাজত ভোগালী অ ভোগালী শীৰ্ষক এক অনুষ্ঠান। মহিলা সকলৰ মাজত  বিয়া নাম ,টেকেলি ভঙা,পানীত বামত,ৰচি টনা খেল আদি খেল ধেমালি অনুষ্ঠিত হয়। 

পুৱা সামূহিক চাফাই কায্যসূচীৰ পাছতেই অৱসৰ প্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ ভূঞাৰ বৃক্ষ ৰোপণ  আৰম্ভ হোৱা কায্যসূচীত দিনৰ ১২ বজাৰ পৰা গাঁওখনৰ পূব দিশত এটা ভেলা ঘৰ নিৰ্মাণ কৰি গাঁৱখনৰ মহিলা সকলৰ মাজত উপৰোক্ত খেল সমুহ অনুষ্ঠিত হয়। 

অনুষ্ঠানতো উদ্ধোধন কৰে  মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ শইকীয়াই উদ্ধোধন কৰি শইকীয়াই এনে অনুষ্ঠানে মানুহৰ মনত আত্মিক ভাব সৃষ্টি কৰে বুলি উল্লেখ কৰে। গাঁৱখনৰ যুৱক প্ৰণৱ বৰা, পাৰণজ্যোতি বৰা, পলাশজ্যোতি শইকীয়া,ৰুবুল কটকী,পংকজ বৰা,ধন বৰা,দেৱজিৎ বৰা,কল্পজ্যোতি শইকীয়া মন্টু বৰা, হিমাংশু শইকীয়া,নিতুল বৰা  বুবু বৰাৰ উদ্যোগত গাঁওবাসীৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটিত পোন প্ৰথমে গাঁওখনৰ শিশু শিল্পী সকলৰ দ্বাৰা পৰিবেশিত বিহু নৃত্যৰে শুভাৰম্ভনি ঘটা আই-মাতৃ সমাজে অসমৰ বিভিন্ন খন জিলাক সামৰি এটা বিহুসুৰীয়া গীত পৰিৱেশন কৰি অনুস্থানতো জীপাল কৰি তোলে। 

সাংবাদিক পৰাণজ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত শিক্ষক ডিম্বেশ্বৰ ভূঞা , অৱসৰপ্ৰাপ্ত শিক্ষক মোহনচন্দ্ৰ ভূঞা  আদিয়ে ভাষণ ৰাখে। বৰ্ণালী ভূঞাই পৰিচালনা কৰা খেল সমূহত পানীত বামত খেলত বিজয় হোৱা ৰীণা ফুকন, টেকেলি ভঙা খেলত বিজয় মিৰা শইকীয়া,  বিয়া নামত প্ৰথম ৰিজু শইকীয়াৰ নেতৃত্বত কনকলতা দল, ৰচী টনা খেলত দীপালি বৰা নেতৃত্ব বিজয় দলক  ভোগালীৰ আকৰ্ষণীয়  পুৰস্কাৰ প্ৰদান কৰে।অনুস্থানটোত গাঁৱখনৰ মহিলা সকলৰ উচ্ছাহ- উদ্দীপনা পৰিলক্ষিত হল।