মাজুলীঃ মাজুলীৰ লাহলিয়াল গাঁৱৰ যুৱক সকলৰ উদ্যোগত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হৈছে গাঁওবাসীৰ মহিলা সকলৰ মাজত ভোগালী অ ভোগালী শীৰ্ষক এক অনুষ্ঠান। মহিলা সকলৰ মাজত বিয়া নাম ,টেকেলি ভঙা,পানীত বামত,ৰচি টনা খেল আদি খেল ধেমালি অনুষ্ঠিত হয়।
পুৱা সামূহিক চাফাই কায্যসূচীৰ পাছতেই অৱসৰ প্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ ভূঞাৰ বৃক্ষ ৰোপণ আৰম্ভ হোৱা কায্যসূচীত দিনৰ ১২ বজাৰ পৰা গাঁওখনৰ পূব দিশত এটা ভেলা ঘৰ নিৰ্মাণ কৰি গাঁৱখনৰ মহিলা সকলৰ মাজত উপৰোক্ত খেল সমুহ অনুষ্ঠিত হয়।