নগাঁওঃ চাওঁতে চাওঁতে অসমীয়াৰ নঙলা মূখ পালেহি ভোগৰ উৎসৱ ভোগালী ৷ অসমৰ চৌদিশে নাগৰিকত্ব বিধেয়কক কেন্দ্ৰ কৰি অব্যাহত থকা তীব্ৰ প্ৰতিবাদক একাষৰীয়া কৰি অসমীয়াৰ অতিকে হেপাঁহৰ ভোগালীক আদৰিবলৈ সাজু হৈছে নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ গঞা ৰাইজ ৷ বিভিন্ন সমস্যাক পাহৰি গঞা ৰাইজ পুৰাদ্দমে নামি পৰিছে ভোগালীৰ পৰম্পৰা ৰক্ষাৰ্থে ৷ ইয়াৰ অংশ হিচাপে বৃহত্তৰ জাজৰি আৰু চকলাঘাটবাসী ৰাইজ একত্ৰিত হৈ চলাইছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷
জাজৰিৰ শিমলুতল চাৰিআলিৰ সমন্বয় ক্ষেত্ৰত আটকধুনীয়াকৈ নৰাৰেই সাজি উলিওৱা হৈছে অসমীয়াৰ উপাসনাৰ স্থলী এটি নামঘৰ ৷ তদুপৰি সাজি থকা হৈছে ভেলাঘৰ ৷ লগতে অসমীয়া কলা-সংস্কৃতিৰ অন্যান্য বহুকেইটা উপাদান প্ৰতিকীৰূপত উপস্থাপনত নামি পৰিছে শিমলুতলবাসী ৰাইজ ৷ মুঠৰ ওপৰত সমন্বয় ক্ষেত্ৰত দেখা গৈছে এক যুদ্ধংদেহী তৎপৰতা ৷ আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা এই ভোগালী উৎসৱ উপলক্ষে সমন্বয় স্থলীত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি কামনা কৰিছে কৰ্মকৰ্তা সকলে ৷