ডিজিটেল ডেস্কঃ ভূপাল গেছ কাণ্ডৰ ভূক্তভোগীয়ে আজিৰ তাৰিখলৈকে উচিত ক্ষতিপুৰণ নোপোৱাক লৈ ক্ষোভিত হৈ থকাৰ মাজতে পৰিয়ালকেইটাৰ হৈ যুঁজ দি অহা পাঁচোটাকৈ সংগঠনে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লৈছে৷ ইউনিয়ন কাৰ্বাইড গেছ কাণ্ডৰ দ্বাৰা পীড়িত সংগঠনৰ নেতা সকলে একত্ৰিত হৈ আয়োজন কৰা সংবাদমেলত কয়, মুংগাৱলী আৰু কুলাৰস নিৰ্বাচনী সমষ্টিত ভোটদাতা সকলৰ মাজত সজাগতা আনিবৰ বাবে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ যাৰ জৰিয়তে বিজেপি দলে ভূপাল গেছ কাণ্ডত পীড়িত লোকসকলক এককালীন সাহায্য দিম বুলি কোৱাৰ মিছা প্ৰতিশ্ৰুতিৰ বিষয়ে অৱগত কৰোৱা হ’ব৷
ভূপাল গেছ কাণ্ডত ভুক্তভোগী কৰ্মচাৰী সংঘৰ অধ্যক্ষ ৰছীদা বি.য়ে কয়, ভূপাল গেছৰ ভুক্তভোগী কাণ্ডতো সমগ্ৰ দেশজুৰি নিৰ্বাচনৰ মূল ইচ্ছ্যু হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰা হৈছে৷ বিগত বৰ্ষত ভূপালৰ বিভিন্ন স্থানৰ পৰাই প্ৰথমে এই কাৰ্যসূচী আৰম্ভ কৰি ভূপাল গেছৰ ভুক্তভোগী কাণ্ডটোকলৈয়ে উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হৈছে৷ ইয়াৰ জৰিয়তেই মুংগাৱলী আৰু কুলাৰস নিৰ্বাচনী সমষ্টি দুটাত বিজেপি দলক পৰাভূত কৰাৰ চেষ্টা চলোৱা হ’ব বুলি অধ্যক্ষজনে মত ব্যক্ত কৰে৷