newsnextone.com। তেজপুৰঃ আজি তেজপুৰ ৰাজীৱ ভৱনত অনুস্থিত এক সংবাদমেলযোগে বিধায়ক ভূপেন বৰাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ওপৰত অভিযোগ উথ্থাপন কৰে। ৩৬ খন বিমান ক্ৰয়ৰ বাবে ফ্ৰাঞ্চৰ সৈতে কৰা চুক্তিৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষাৰ বাবে ক্ৰয় কৰিবলৈ লোৱা ৰাফেল বিমানৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে প্ৰধান মন্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

তেজপুৰ ৰাজীৱ ভৱনত অনুস্থিত সংবাদ মেলত জিলা কংগ্ৰেছৰ সভাপতি ভীমানন্দ তাঁতীৰ লগতে যুৱ কংগ্ৰেছৰ হিৰণ্য ভূঞাৰ উপস্থিতিত বৰাই কয় যে, প্ৰতিৰক্ষা আইনৰ নীতি-নিয়ম উলংঘা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰিলায়েন্স কোম্পানীক ততাতৈয়াকৈ ৰাফেল ক্ৰয় কৰাৰ বাবে দ্বায়িত্ব অৰ্পণ কৰাটো সন্দেহৰ আৱৰ্তত৷

ৰিলায়েন্স ডিফেন্স নামৰ কোম্পানিটো মাত্ৰ ১২ দিনৰ আগতে গঠিত কিন্ত পূৰ্বৰে পৰা প্ৰতিৰক্ষাৰ সকলো সামগ্ৰী ক্ৰয় কৰা হয় হিন্দুস্থান এৰ'নেটিক প্ৰতিস্থানটোৰ পৰা। হিন্দুস্থান এৰ'নেটিক প্ৰতিস্থানটোক পৰিকল্পিতভাবে বঞ্চিত কৰি মোডীয়ে ৰিলায়েন্সৰ প্ৰতি থকা সদ্ভাৱ প্ৰদৰ্শন কৰিলে বুলি সংবাদ মেলত দাবী কৰে৷