newsnextone.com | বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অধীনৰ বটদ্ৰৱা এলেকাৰ বিভিন্ন বিদ্যালয়ত শনিবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম দিৱসটি পালন কৰা হয়৷ ইয়াৰোপৰি উদযাপন কৰা হয় বিশ্ব হাইজিন ডে'ৰ লগতে বিশ্ব লিটাৰেচাৰী দিৱস৷

বটদ্ৰৱা মণ্ডল সমল শিক্ষা খণ্ডৰ খণ্ড সমল শিক্ষা সমন্বয়ক ৰামপ্ৰসাদ নাথৰ তত্বাবধানত বিদ্যালয়সমূহৰ কণ কণ শিশু সকলৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আৰু অভিভাৱকসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশ্ব বন্দিত শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰনিপাত নিবেদন কৰে৷

বটদ্ৰৱা বালিকা বুনিয়াদী বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰভাৱে ভূপেন ককালৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে…' শীৰ্ষক গীতটো সমস্বৰে পৰিবেশন কৰি সমগ্ৰ বাতাবৰণ সংগীতময় কৰি তোলে৷

ইয়াৰোপৰি বটদ্ৰৱা চিআৰচি-ৰ অধীনৰ প্ৰতিখন বিদ্যালয়তে শনিবাৰে ছাত্ৰ-ছাত্ৰীসকলে অসম ৰত্ন, যাযাবৰী শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰে৷ বিদ্যালয়সমূহত মণ্ডল সমল শিক্ষা সমন্বয়ক ৰামপ্ৰসাদ নাথ উপস্থিত হৈ শিক্ষাৰ্থীসকলক সুধাকন্ঠৰ জীৱন পৰিক্ৰমা সম্পৰ্কে বিশদভাৱে অবগত কৰে৷

ইপিনে বটদ্ৰৱা মণ্ডল সমল শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত বিশ্ব হস্ত বিশুদ্ধিকৰণ দিৱসৰ লগতে বিশ্ব স্বাক্ষৰতা দিৱসটিও পালন কৰা হয়৷ এই উদ্দেশ্য ছাত্ৰ-ছাত্ৰীক খাদ্য গ্ৰহণ কৰাৰ পূৰ্বে কি পদ্ধতিৰে হাত চাফা কৰিব লাগে সেয়া দেখুৱাই দিয়াৰ লগতে দিৱস দুটাৰ তাৎপৰ্য বুজাই দিয়ে শিক্ষাগুৰুসকলৰ লগতে সংশ্লিষ্ট চিআৰচিয়ে৷