75
পাথৰিঘাটঃ কালজয়ী গীতৰ স্ৰষ্টা, অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আজি আমাৰ কাষত নাই। মৰমৰ ভূপেনদা নোহোৱা হোৱা প্ৰায় সাতবছৰ হ’ল যদিও প্ৰতিজন অসমীয়াৰ বুকুত ভূপেনদা জীয়াই আছে।
দেওবাৰে ৰাজ্যবাসীয়ে সুধাকন্ঠ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালন কৰে৷ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাৰ দেওমৰনৈত SEDS-এ মৃত্যু তিথি পালন কৰে৷ দেওমৰনৈ দূৰ্গা মন্দিৰ প্ৰাংগণত পুৱা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি যাচে SEDS-এ৷