গুৱাহাটীঃ অসমীয়াৰ হিয়াৰ আমঠু, জাতিৰ আৱেগ সুধাকন্ঠ ভূপেন হাজৰিকাক দেওবাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ স্মৰণ কৰে৷ ভূপেন হাজৰিকাৰ মৃত্যু তিথি ৰাজ্যৰ প্ৰতিটো দল-সংগঠন তথা ৰাজ্য চৰকাৰে পালন কৰা দেখা যায়৷ ৰাজ্যৰ বাহিৰতো বিশ্ববিশ্ৰুত শিল্পীগৰাকীক মৃত্যুদিনত বিশেষভাৱে সোঁৱৰণ কৰা হয়৷
হাজাৰ হাজাৰ কালজয়ী গীতৰ স্ৰষ্টা, অসমীয়া শিল্পী, অমৰ শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা আজি আমাৰ কাষত নাই। আমাৰ মৰমৰ ভূপেনদা নোহোৱা হোৱাৰ প্ৰায় ছবছৰ হ’ল যদিও প্ৰতিজন অসমীয়াৰ বুকুত ভূপেনদা আজিও জীয়াই আছে।