newsnextone.com | ৰঙিয়াঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনাই ৰঙিয়াত অসমীয়াৰ হিয়াৰ আমঠু সুধাকন্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতি আৰু ৰঙিয়াৰ অগ্ৰনী সামাজিক, সাংস্কৃতিক অনুষ্ঠান “স্বৰগোষ্ঠী”ৰ যুটীয়া উদ্যোগত আয়োজিত অনুষ্ঠানটিত শনিবাৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসমৰ যশস্বী শিল্পী দ্বীপেন বৰুৱাই।
কামৰূপ জিলা পৰিষদৰ সদ্য প্ৰাক্তন সভাপতি দেবব্ৰত কলিতাই জিলা পৰিষদৰ পুঁজিৰ দ্বাৰা ৰঙিয়াৰ তিনিগয়া (মূৰাৰা) চ’কত নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটোৱে সমগ্ৰ চহৰখনকে এটা নতুন চিনাকি দিব। ভূপেন হাজৰিকা প্ৰতিমূৰ্তি সংৰক্ষণ সমিতিৰ সভাপতি নৰেন্দ্ৰ শৰ্মাৰ লগতে উন্মোচনী অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, গল্পকাৰ তথা বৰ্তমানে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুল শইকীয়া উপস্থিত থাকে।