জাজৰিঃ নগাঁও জিলাৰ ৰাইদঙীয়াত শনিবাৰে সৌৰভ ভৱন প্ৰাংগণত বিশ্ববৰেণ্য শিল্পী সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্ত্তি উন্মোচন কৰা হয়। স্বেচ্ছাসেৱী অনুষ্ঠান ‘আড্ডা’ আৰু সংগীত কাননৰ উদ্যোগত আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়৷
ৰাইদঙীয়া সৌৰভ শাখা সাহিত্য সভাৰ কাৰ্যালয় সৌৰভ ভৱনত ভাস্কৰ্য শিল্পী লক্ষজিৎ বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সুধাকণ্ঠৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ড০ অমৰজ্যোতি চৌধুৰীয়ে৷ ডাঃ অঞ্জন জ্যোতি চৌধুৰী, সুধাকণ্ঠৰ ভগ্নী সুদক্ষিণা শৰ্মা, কবিতা বৰুৱা, স্তুতি পেটেল, ভাতৃ নৃপেণ হাজৰীকা, বিশিষ্ট সংগীত শিল্পী সূৰ্য দাসৰ উপস্থিতিত আৱক্ষ মূৰ্তিটো উন্মোচন কৰে৷