newsnextone.com | কাজিৰঙাঃ কাজিৰঙাৰ কুঠৰীত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বাসগৃহটিত উপস্থিত হৈ বাসগৃহটি সংৰক্ষণ কৰা হ’ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। পৰিৱৰ্তনকামী চৰকাৰখনৰ চূড়ান্ত উদাসীনতাৰ বাবেই সম্প্ৰতি জহি-খহি গৈছে ভূপেন দাৰ বাসগৃহটি।
উল্লেখ্য যে, ৬০ দশকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ কুঠৰীত প্ৰায় ১২ বিঘা মাটিৰে আবৃত্ত নিৰিবিলি ঠাইত ভূপেন দাই নিৰ্মাণ কৰিছিল এটি সৰু পঁজা। কাজিৰঙাৰ অপৰূপ সৌন্দৰ্যত মুগ্ধ হোৱা বাবেই ভূপেন দাই কুঠৰীত নিৰ্মাণ কৰিছিল এই সৰু পঁজাটি আৰু সেই পঁজাৰ ভিতৰত থকা নিজৰ বিচনাখনত বহি হাৰমনিয়াম লৈ ভূপেন দাই ৰচি গৈছিল ইটোৰ পাছত সিটো কালজয়ী গীত।