newsnextone.com | গুৱাহাটীঃ নীলোৎপল-অভিজিতৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত জাগুনৰ পৰা গুৱাহাটীলৈ চাইকেল চলাই আহিল ভূপেন লিকচনে৷ ভূপেন লিকচনে ৬৫০ কিঃ মিঃ যাত্ৰা কৰি সোমবাৰে পুৱা গুৱাহাটী মহানগৰীত উপস্থিত হৈ পোনে পোনে যায় নীলোৎপল ঘৰলৈ আৰু পিতৃক সাক্ষাৎ কৰে। দুয়ো যুৱকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি চৰকাৰক পত্ৰ যোগে দুই যুৱকৰ হত্যাকাৰীক উপয়ুক্ত শাস্তি প্ৰদানৰ দাবী জনায়৷
২২ জুনত জাগুনৰ পৰা গুৱাহাটী অভিমুখে চাইকেল চলাবলৈ আৰম্ভ কৰিছিল ভূপেনে৷ জঘন্য ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগেতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা আৰু হত্যাকাৰীক উপয়ুক্ত শাস্তি প্ৰদানৰ দাবী জনাই এই যাত্ৰা আৰম্ভ কৰিছিল৷ ইমানে নহয় তেওঁৰ যাত্ৰাৰ দ্বাৰা সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আতৰ হোৱাৰ লগতে শান্তি কামনা কৰে৷