newsnextone.com | লিডুঃ দুগৰাকী নিৰীহ যুৱকক কেইগৰাকীমান লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ আজিও অব্যাহত আছে৷ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাক সমাজৰ সৰ্বপ্ৰকাৰৰ লোকে নিন্দা কৰি ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷
ৰাজ্যৰ চৌদিশে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে এগৰাকী লোকে ৬৫০ কিঃ মিঃ চাইকেল চলাই গুৱাহাটীলৈ আহি এই জঘন্য ঘটনাৰ প্ৰতিবাদ জনোৱাৰ লগেতে দুয়ো যুৱকৰ আত্মাৰ সদ্গতি কামনা কৰিব৷ ইমানে নহয় তেওঁৰ যাত্ৰাৰ দ্বাৰা সমাজৰ পৰা কু-সংস্কাৰ, অন্ধবিশ্বাস আতৰ হোৱাৰ লগতে শান্তি কামনা কৰিব৷