নলবাৰীঃ দৰং জিলাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্যত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিষয়াগৰাকীক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বিষয়াগৰাকীৰ গৃহ জিলা নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ লগতে জিলা খনৰ একাংশ সচেতন লোকে এই ঘটনাক সহজে লব পৰা নাই৷ নলবাৰী জিলাৰ একাংশ লোকে ভূপেশ চন্দ্ৰ দাসে উপঢৌকন লোৱা কাৰ্য সম্পূৰ্ণ মিছা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
দৰং জিলা পৰিষদৰ এগৰাকী সদস্যৰ পৰা এক লাখ টকাৰ উপঢৌকন লোৱা সময়তে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভূপেশ চন্দ্ৰ দাসক শুকুৰবাৰে দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছিল৷ এই ঘটনা সংঘটিত হৈছিল শুকুৰবাৰে বিয়লি ৬ বজাত৷ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে জিলাখনৰ লালপুৰ আঞ্চলিক পৰিষদৰ সদস্য তিহাৰু গৌড়ৰ পৰা উপঢৌকন লোৱা বুলি অভিযোগ উত্থাপত হৈছে যদিও যদিও ভূপেশ চন্দ্ৰ দাসৰ গৃহ জিলাৰ বহু সংখ্যক লোকেই এই অভিযোগ একেচাতে খণ্ডন কৰে৷