64
নগাঁওঃ বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনৰ ‘মই চন্দনাই কৈছো’ নামৰ গ্ৰন্থ খন মঙলবাৰে উন্মোচন কৰা হয়৷
নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক নেহৰুৱালিৰ বাকৰিত অনুষ্ঠিত হৈ থকা নগাঁও গ্ৰন্থমেলাত নগাঁও লেখিকা সমাৰোহ সমিতিৰ এক মনোগ্ৰাহী অনুষ্ঠানত কেইবাখনো গ্ৰন্থৰ লগতে বিশিষ্ট লেখিকা তথা অধিবক্তা বিভা ফুকনৰ শিশু গল্প সংকলন ‘মই চন্দনাই কৈছো’ উন্মোচন কৰা হয়৷