64
কলকাতাঃ বলিউড জগতত সাহসী চৰিত্ৰত বলিষ্ঠ অভিনয়েৰে কম সময়ৰ ভিতৰতে চলচিত্ৰপ্ৰেমীৰ হৃদয় জয় কৰা বিদ্যা বালন নিৰ্যাতিত হোৱা বুলি জানিবপৰা গৈছে। অভিনেত্ৰীগৰাকীৰ শেহতীয়া চলচিত্ৰ “বেগম জান”ৰ প্ৰচাৰৰ বাবে কলকাতা যাওঁতেই চহৰখনৰ বিমান বন্দৰত এই ঘটনা সংঘটিত হয়৷
বিমান বন্দৰতে এগৰাকী ব্যাক্তিয়ে অভিনেত্ৰীগৰাকীক স্পৰ্শ কৰাৰ চেষ্টা কৰাৰ উপৰিও ফটো উঠোৱাৰো চেষ্টা কৰে৷ অৱশেষত অভিনেত্ৰীগৰাকীয়ে ফটো উঠিবলৈ নাকচ কৰাতহে ব্যাক্তিজন আঁতৰি যায়৷