newsnextone.com | বোকাজানঃ ভাৰতৰ এখন আগশাৰীৰ হাইপাৰ মাৰ্কেট শৃংখলা ফিউচাৰ গ্ৰুপৰ দ্বাৰা পৰিচালিত বিগ বাজাৰে নগালেণ্ডৰ মোহনীয় চহৰ ডিমাপুৰত শনিবাৰে প্ৰথমখন ষ্ট’ৰ মুকলি কৰিলে৷ এই কথা ঘোষণা কৰি ইয়াৰ প্ৰ’পাৰটি অউনাৰ নিবু নাগি আৰু এফ বি বি আৰু বিগ বাজাৰ ষ্ট’ৰ চি ই অ’ মণীষ আগাৰৱালে কয় যে চাৰ্কুলাৰ ৰোডৰ নাগি হাউছত অৱস্থিত সম্পূৰ্ণ নতুন বিগ বাজাৰখন ২৪,১৬৮ বৰ্গফুট জুৰি বৃস্তিত হৈ আছে৷
মুঠতে পাঁচটা মহলা থকাকৈ ডিজাইন কৰা এই ষ্ট’ৰখনত নিত্য প্ৰয়োজনীয় সামগ্ৰী, ফলমূল, শাক-পাচলী, ঘৰুৱা যতনৰ সামগ্ৰী, ব্যক্তিগত যতনৰ সামগ্ৰী, মহিলা-পুৰুষ আৰু শিশুৰ বাবে শেহতীয়া সাজপাৰ আৰু জোতা, ভ্ৰমণকাৰীৰ প্ৰয়োজনীয় সামগ্ৰী, পুতলা আৰু বিভিন্ন বয়-বস্তু একেলগে পোৱা যাব৷