গুৱাহাটীঃ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ সময়ত ৰাইজৰ পক্ষত ৰাইজৰ হিতৰ বাবে জনমতক সন্মান কৰা, জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়াটো এতিয়া যেন এক ফেশ্যনত পৰিণত হৈছে৷ নিৰ্বাচনৰ সময়ত ইটো দলে সিটো দলক গালি-গালাজ কৰা,  গুৱাল গালি পৰা, তীব্ৰ সমালোচনা কৰা আদিও যেন ৰাজনৈতিক দলবোৰৰ বাবে এক ফেশ্বনহে৷ ঘটনা-পৰিঘটনা তথা কথাই কথাই শাসকে বিৰোধীক সমালোচনা কৰি,  বিৰোধীয়ে শাসকক সমালোচনাৰে থকা-সৰকা কৰি এনেহেন দেখুৱায় যেন ইটো দলে সিটো দলৰ লোকৰ ছাঁটোকে দেখিব নোৱাৰে৷

কেৱল গাদী দখলৰ স্বাৰ্থত ৰাজহুৱা সভা-সমিতিয়ে তথা সংবাদ মাধ্যমযোগে চৰকাৰৰ জনবিৰোধী কামৰ প্ৰতিবাদ জনাই চৰকাৰৰ প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰা,  চৰকাৰক অসফল আখ্যা দিয়া,  মুখ্যমন্ত্ৰীক ইস্তফা দিবৰ বাবে দাবী জনোৱা আদিকে ধৰি শাসকীয় দলক তীব্ৰ সমালোচনা কৰি প্ৰতিপন্ন কৰিব খোজে যেন ইটো দল সিটো দলৰ আজন্ম শত্ৰু৷ কিন্তু বাস্তৱত এটি ৰাজনৈতিক দল আন এটি ৰাজনৈতিক দলৰ শত্ৰুনে?  অসম বিধানসভাৰ মজিয়াত ৭ মাৰ্চত শাসক-বিৰোধী ঐকমত্যত উপনীত হোৱাৰ পিছত উল্লেখনীয় কথাবোৰ ফঁহিয়াই চাবলৈ বাধ্য হৈ পৰিছে অসমৰ জনসাধাৰণ৷

শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ সাধাৰণ জনতাই বৃহৎ নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰি অহাটো সৰ্বজনবিদিত৷ নদীবান্ধৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ টাঙোনৰ কোব খাইছে বহু লোকে৷ ইয়াৰ মাজতে জন সমৰ্থন লাভৰ স্বাৰ্থত ২০১৩ বৰ্ষত কেন্দ্ৰ-ৰাজ্যত কংগ্ৰেছ দলে শাসনত থকাৰ সময়ত বিজেপিৰ তদানীন্তন সভাপতি ৰাজনাথ সিঙে অৰুণাচল-অসম সীমান্তৰ পাচিঘাটত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জনতাৰ দাবীৰ প্ৰতি সমৰ্থন দি যাব বুলি উদাত্ত ভাষণ আগবঢ়াইছিল৷ আনকি তেতিয়াৰ কংগ্ৰেছ দলৰ চৰকাৰক জনবিৰোধী চৰকাৰ বুলি ৰাজনাথে তীব্ৰ সমালোচনা কৰিছিল৷ একে সময়তে বিধানসভাৰ এপাচি শাকত জলকীয়া সদৃশ হৈ থকা বিজেপিৰ বিধায়ককেইজনেও বিধানসভাৰ বাহিৰত নদীবান্ধৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। বিপৰীতে, নামনি সোৱণশিৰি জলবিদ্যু९ প্ৰকল্পই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি প্ৰতিবেদন দিয়াৰ পিছতো কংগ্ৰেছ চৰকাৰে ক্ষমতা প্ৰয়োগ কৰি যিকোনো প্ৰকাৰে প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ উঠি-পৰি লাগিছিল। আনফালে শাসনলৈ আহিলে কোনো কাৰণতে নদীবান্ধ নিৰ্মাণ হ'বলৈ দিয়া নহয় বুলি ঘোষণা কৰি কংগ্ৰেছৰ তত্পৰতাৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰিছিল তেতিয়াৰ বিৰোধী বিজেপি দলটোৱে।

কিন্তু বৰ্তমান দেখা গৈছে এখন সম্পূৰ্ণ ওলোটা ছবি৷ এতিয়া শাসনৰ বাঘজৰী হাতত লৈ বিজেপিয়ে জনতাৰ মতক ভেঙুচালি কৰি পুনৰ নদীবান্ধ সম্পূৰ্ণ কৰিবলৈ কুচকাৱাজ আৰম্ভ কৰিছে৷ ৯ মাৰ্চত বিধানসভাৰ মজিয়াত বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকাই বিধানসভাৰ নিময়মাৱলীৰ পঞ্চাশ নম্বৰ নিয়মৰ অধীনত নামনি সোৱণশিৰি প্ৰকল্প সন্দৰ্ভত সদনত কিছু কথা উল্লেখ কৰি শাসক-বিৰোধীৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষক বিষয়টো সন্দৰ্ভত দৃষ্টি আকৰ্ষণ কৰায়৷ বিজেপি বিধায়ক হাজৰিকাই এয়া এক স্পৰ্শকাতৰ বিষয় বুলি কোৱাৰ লগতে এই সন্দৰ্ভত আলোচনা হ'ব লাগে বুলি মত পোষণ কৰে।

বিধায়কজনে নদীবান্ধৰ সপক্ষে যুক্তি দি অসমৰ ৰাইজ তথা উপস্থিত বিধায়কসকলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা চলায়। বিজেপিৰ বিধায়কৰ এনে ভাষণৰ পিছতে বিৰোধী দলনেতা দেৱব্ৰত শইকীয়ায়ো একে উশাহতে বৃহ९ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণলৈ পূৰ্ণ সমৰ্থন আগবঢ়ায়।

সেই সময়ত বিৰোধী নেতাজনে পাহৰি পেলালে যে তেওঁলোকৰ চৰকাৰৰ সময়ছোৱাত জলবিদ্যু९ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে সবাতোকৈ বেছি প্ৰতিবাদ হৈছিল৷ তিনিবাৰকৈ শাসনৰ গাদী দখল কৰা দলটোৱে পাহৰি পেলালে যে যোৱাটো বিধানসভা নিৰ্বাচনত বেয়াকৈ মুখথেকেচা খোৱাৰ অন্যতম কাৰণৰ ভিতৰত বিদ্যু९ প্ৰকল্প নিৰ্মাণো এটা কাৰণ আছিল। বিজেপিয়েও মাথোঁ চাৰি বছৰ পূৰ্বৰ ইতিহাস পাহৰি ৰাইজৰ জনমতৰ বিৰুদ্ধে গৈ সোৱণশিৰি জলবিদ্যু९ প্ৰকল্প নিৰ্মাণৰ পক্ষত থিয় দিয়াই নহয়, জোৰদাৰ প্ৰচেষ্টাও চলাইছে।

এতিয়া কথা হ’ল ইটো দলে শাসনত আহিলে সিটো দলৰ বিৰুদ্ধে কথা কোৱা, সমালোচনা কৰা,  জনবিৰোধী বুলি কোৱা কথাবোৰ প্ৰকৃততে গল্পহে নেকি? নাট্যকাৰে নাট মঞ্চস্থ কৰাৰ দৰে ৰাজনৈতিক দলবোৰে সমালোচনা কৰাৰ, বিৰুদ্ধাচৰণ কৰাৰ নাটক কৰে নেকি৷ কিয়নো জনমতৰ বিৰুদ্ধে কংগ্ৰেছ-বিজেপি-এজিপি আৰু বিপিএফে ঐকমত্যত থিয় দিয়া কাণ্ডই যেন ইয়াকে সূচায়৷ শাসক-বিৰোধীয়ে ৰাইজৰ মতক একাষৰীয়াকৈ থৈ ঐকমত্যত উপনীত হোৱাৰ লগে লগে গৰজি উঠিছে ৰাজ্যখনৰ জাতীয়তাবাদী দল-সংগঠন৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কৰি কোনো কাৰণতে বৰ্তমানৰ আৰ্হিত বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ দিয়া নহ'ব বুলি  হুংকাৰ প্ৰদান কৰি শাসক-বিৰোধীৰ ঐকমত্যত উপনীত হোৱাটো ভুল বুলি কৈ সামান্য আলোচনাৰে ইয়াৰ সিদ্ধান্ত ল’ব নোৱাৰে বুলি কয়৷ অসমৰ ৰাইজ, জাতীয় সংগঠন,  অসমৰ বিশেষজ্ঞৰ বিৰুদ্ধে এই সিদ্ধান্ত লোৱা বুলি কৈ গগৈয়ে কয় যে বৃহত নদীবান্ধৰ পৰিৱৰ্তে ক্ষুদ্ৰ বহুমুখী প্ৰকল্প নিৰ্মাণ কৰা উচিত।

বিজেপি দলক অসমবিৰোধী বুলি কৈ কংগ্ৰেছ দলকো তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে৷  এই সন্দৰ্ভত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি তপন দাসে নিউজ নেক্সট ৱানৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নদীবান্ধ সন্দৰ্ভত পূৰ্বৰ স্থিতিত অটল থকা বুলি কৈ অসমবিৰোধী কোনো কাৰ্যত সমৰ্থন নাই বুলি জনায়৷ অসমৰ জাতি-জনগোষ্ঠীৰ ক্ষতি কৰা,  কোনো অঞ্চলৰ ক্ষতি কৰা কাৰ্যত সমৰ্থন নকৰো বুলি কৈ যুৱ পৰিষদৰ নেতাগৰাকীয়ে  প্ৰয়োজন হ’লে পুনৰ আন্দোলন কৰাৰ কথা উল্লেখ কৰে৷

অগপ আঞ্চলিকতাবাদীৰ সভাপতি সুনীল ৰাজকোঁৱৰে বিধানসভাৰ শাসক-বিৰোধীৰ ঐকমত্য সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰে। "ৰাজনাথ সিঙে বৃহ९ নদীবান্ধ বিৰোধী আন্দোলনত অংশ লৈছিল৷ অগপ-বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে বৃহ९ নদীবান্ধ নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ জাতি-জনগোষ্ঠীক কুঠাৰাঘাত কৰিছে এই সিদ্ধান্তৰ যোগেদি৷"- ৰাজকোঁৱৰে কয়। তেওঁ আৰু কয় যে অগপ নেতাসকলে  ৰাষ্ট্ৰীয় দলৰ ওচৰত আঁঠু লৈছে আৰু আঞ্চলিকতাবাদৰ চৰিত্ৰ হেৰুৱাই বিজেপি-কংগ্ৰেছৰ ওচৰত পুতলাৰ দৰে  বিক্ৰী হৈছে।  "নিজস্বতা হেৰুৱাই অগপ শৰণাপন্ন হৈছে ৰাষ্ট্ৰীয়তাবাদত৷ তৈলক্ষেত্ৰৰ নিলাম, জলবিদ্যু९ প্ৰকল্প সন্দৰ্ভত বিধানসভাত ঐকমত্যত উপনীত হৈ নিগম-নিকায়ৰ অধ্যক্ষ-উপাধ্যক্ষৰ বাবে  ৰাষ্ট্ৰীয়তাবাদৰ সৈতে অগপই মিলি গৈছে৷"-নেতাগৰাকীয়ে কয়। ৰাষ্ট্ৰৰ এজেণ্টৰ বিৰুদ্ধে জাতীয়তাবাদী-আঞ্চলিকতাবাদী জনসাধাৰণক বৃহ९ নদীবান্ধৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিবলৈকো আহ্বান জনায় ৰাজকোঁৱৰে৷

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই কৌশলগতভাৱে নিউজ নেক্সট ৱানক কয় যে যদি বৃহ९ নদীবান্ধে কৃষক তথা সৰ্বসাধাৰণৰ সৰ্বনাশ কৰে তেন্তে তেনে নদীবান্ধ কংগ্ৰেছে নিবিচাৰে ৷ কিন্তু কৃষক তথা সৰ্বসাধাৰণৰ সহায়ৰ বাবে হ'লে তেনে নদীবান্ধক আদৰণি জনোৱাত কংগ্ৰেছৰ কোনো সমস্যা নাই বুলি মন্তব্য কৰে।

উল্লেখ্য যে যোৱা পাঁচটা বছৰত আছু,  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,  কৃষক মুক্তি সংগ্ৰাম সমিতি,  টি এম পি কেৰ লগতে একাধিক সংগঠনে নদীবান্ধ সন্দৰ্ভত নেৰানেপেৰা আন্দোলন কৰি আহিছে যদিও দুই-এটা সংগঠনে নৰম ভূমিকা পালন কৰাও দেখা গৈছে৷  শাসক-বিৰোধীয়ে ঐকমত্যত উপনীত হোৱাৰ পিছত এতিয়া উক্ত জাতীয় সংগঠনসমূহে কি স্থিতি গ্ৰহণ কৰে তাৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰিব ৰাজ্যখনৰ ভৱিষ্যত। কিয়নো নদীবান্ধ প্ৰসংগকৈ লৈ এতিয়াও প্ৰকৃত সত্য জানিবলৈ সমৰ্থ হোৱা নাই অসমৰ সৰ্বসাধাৰণে। এটা পক্ষই যদি এই বান্ধে ৰাজ্যখনলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলি কৈছে, আন এটা পক্ষই আকৌ সকলোৰে মাজত ইয়াৰ সুফল সম্পৰ্কেহে প্ৰচাৰ কৰি ফুৰিছে। এনে পৰিপ্ৰেক্ষিতত সৰ্বসাধৰণৰ বাবে ধুৱলী-কুঁৱলী সদৃশ হৈ পৰিছে সমগ্ৰ বিষয়টো।

দোধোৰ-মোধোৰ অৱস্থাত থকা ৰাইজে দেখিছে- হৰিণাই চেলেকিছে বাঘৰ গাল। এনে দৃশ্য দেখি হতভম্ব হৈ পৰা ৰাইজে বাৰে বাৰে নিজেই নিজক সুধিছে- নদীবান্ধ বেয়া নে ভাল!!