newsnextone.com | ডিজিটেল ডেস্কঃ গণতন্ত্ৰৰ এটা স্তম্ভ হৈছে সংবাদ মাধ্যম৷ সংবাদ মাধ্যম যাক জনমত গঢ়াৰ আৰু চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা আৰু এনে কাণ্ড সমূহ পোহৰলৈ অনাৰ দায়িত্ব থাকে৷ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে আৰু শিক্ষাৰ পোহৰ বিলোৱাৰ কামত নিয়োজিত হোৱাৰ এক দায়িত্ব থাকে৷ সমাজত ভাতৃত্ববোধ, সাম্প্ৰদায়িত সংহতি গঢ়াৰ বাবে কাম কৰাৰ দায়িত্ব থকাৰ প্ৰয়োজন বুলি কয় গণতন্ত্ৰৰ এটা স্তম্ভ সংবাদমাধ্যমক৷ কিন্তু তেনে এটা মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিক্ৰী হ’ব পাৰে নেকি?
106