লক্ষ্নৌঃ সকলো পাহৰি এতিয়া কৃষ্ণলীলাত মজিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। চৰকাৰী সূত্ৰৰ খবৰ অনুযায়ী মথুৰাত কৃষ্ণৰ জন্মস্থানত ‘কৃষ্ণ লেণ্ড’ নিৰ্মাণ কৰিবলৈ ইতিমধ্যে পৰ্যটন বিভাগক নিৰ্দেশ দিছে উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰীগৰাকীয়ে। শীঘ্ৰে এই প্ৰকল্পৰ এটি প্ৰাককলন প্ৰস্তুত কৰিবলৈকো নিৰ্দেশ দিছে যোগীয়ে।
জানিব পৰা মতে, ডিজনীলেণ্ডৰ আৰ্হিত নিৰ্মাণ কৰা হ’ব এই ‘কৃষ্ণ লেণ্ড’। এই ‘কৃষ্ণ লেণ্ড’ত কৃষ্ণৰ জীৱনৰ বিভিন্ন পৰ্যায় তুলি ধৰা হ’ব। দৈৱকী আৰু বাসুদেৱক কংসই যি কাৰাগাৰত বন্দী কৰি ৰাখিছিল তেনেধৰণৰ কাৰাগাৰো থাকিব প্ৰস্তাৱিত ‘কৃষ্ণ লেণ্ড’ত।