Home দেশজম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান তীব্ৰতৰ

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ যুটীয়া অভিযান তীব্ৰতৰ

by News Desk
59 views
A+A-
Reset

ডিজিটেল ডেস্কঃ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কাশ্মীৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ পদক্ষেপে বিচ্ছিন্নতাবাদক উৎসাহহে যোগাব বুলি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচিত হ’লেও কেন্দ্ৰ চৰকাৰ যেন এই ক্ষেত্ৰত বদ্ধপৰিকৰ। সন্ত্ৰাসবাদ দমনৰ বাবে সেয়ে মাৰ বান্ধি থিয় হৈছে প্ৰশাসন৷ উগ্ৰপন্থীৰ নিৰন্তৰ কুটঘাটৰ পিছত এক বৃহৎ অভিযান আৰম্ভ কৰিছে সেনাই৷
প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হোৱা অভিযানসমুহৰ ভিতৰত এই অভিযান আটাইতকৈ ডাঙৰ ৷ এই অভিযানত প্ৰায় ৩ হাজাৰ জোৱানৰ উপৰিও শতাধিক চিআৰপিএফৰ জোৱান আৰু আৰক্ষী জড়িত হৈ আছে৷
প্ৰায় ১২ খন গাওঁ আৰু কেতবোৰ বনাঞ্চলত ইতিমধ্যে আৰম্ভ হৈছে এই অভিযান৷ তদুপৰি অভিযানৰ সময়ত স্থানীয় লোকে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে অভিযানকাৰী জোৱানে।
 উল্লেখ্য যে কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীৰ এটা গোটে বেংকত ডকাইতি কৰাৰ উপৰিও বহু লক্ষাধিক টকা লুূূূটি নিছিল৷ আনহাতে মাৰ্চ মাহৰ শেষ সপ্তাহত এক সন্ত্ৰাসবাদী বিৰোধী অভিযানত স্থানীয় লোকে শিলাবৰ্ষণ কৰিছিল জোৱানৰ ওপৰত৷ 
শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিততে এনে এক সিদ্ধান্তলৈ আহিছে কেন্দ্ৰীয় চৰকাৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0