আব্দুল বাৰেক, বিহালীঃ যোৱা ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৌকত আলিৰ লগত সংঘটিত কৰা অমানৱীয় বৰ্বৰ ঘটনাক বিভিন্ন দল-সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।
এই ঘটনাই বিশ্বনাথবাসীক লজ্জাজনত কৰাৰ লগতে সাতামপুৰুষীয়া ঐক্যত আঘাত হানিছে। চৌকত আলিৰ উচিত ন্যায়ৰ লগতে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত আমছু, আছু, যুৱ ছাত্ৰ পৰিষদ, আটছা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাতি দলে বিশ্বনাথ জিলাৰ উপায়ুক্তক এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে।