বিহালীঃ ৰাজ্যৰ যোৰহাট আৰু গোলাঘাটত চুলাই মদ খাই বিষক্ৰিয়াহৈ ৯০ ৰো অধিক চাহ শ্ৰমিক লোকৰ কৰুণ মৃত্যুৰ প্ৰতিবাদত শনিবাৰে বৰগাং চেন্টাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপ্লৱী যুৱ সন্থা আৰু সদৌ ভাৰত ছাত্র সন্থাই যুটীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷
কাৰ্যসূচীৰ জৰিয়তে যুৱ সন্থাৰ মুখ্য আহ্বায়ক পৰিমল গোড়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে জনসাধাৰণক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি মন্তব্য কৰাৰ লগতে আবকাৰী মন্ত্রী পৰিমল শুক্লবৈদ্যক নৈতিক দ্বায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ দাবী জনায়৷