বিহালীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ শীঘ্ৰে গৃহীত কৰা হ’ব বুলি শিলচৰত মন্তব্য় প্ৰকাশ কৰাৰ পাছতেই উত্তাল হৈ পৰিছে ৰাজ্য৷
ইয়াৰ সমান্তৰালভাৱে, বিহালীতো জাতীয়তাবাদী দল-সংগঠনে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ৷ শনিবাৰে বিহালীৰ বৰগাঙৰ ৰাজপথত ছাত্ৰ মুক্তি, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি কেইবাটাও জাতীয়তাবাদী সংগঠনৰ প্ৰতিনিধিয়ে প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ|