62
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলিৰ এখন সাপ্তাহিক বজাৰত অলপতে সংঘটিত এক দুৰ্ভাগ্যজনক ঘটনাৰ অনুসন্ধানৰ বাবে জিলা দণ্ডাধীশ পৱিত্ৰৰাম খাউণ্ডে যোৱা ৯ এপ্ৰিলত এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল।
অতিৰিক্ত জিলা দণ্ডাধীশ দিগন্ত বৈশ্যৰ ওপৰত ন্যস্ত কৰা এই তদন্তৰ বাবে অহা ২৪ আৰু ২৫ এপ্ৰিল তাৰিখে ৰাজহুৱা শুনানিৰ দিন ধাৰ্য কৰা হৈছে।