আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ যোৱা কিছুদিন পূৰ্বে নলবাৰীৰ মুকালমুৱাৰ সাবাদিক ৰাজেন ডেকা, তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামী, ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মা, যোৰহাটৰ ৰাজীৱ বৰাক দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰাত সমগ্ৰ ৰাজ্যৰ লগতে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত বৰগাং চেন্টাৰৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।
দেশত দৈনিক বৃদ্ধি পাইছে ”সাংবাদিক নিগ্ৰহ” কাণ্ড৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গানৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা শাসনাধিষ্ঠ চৰকাৰখনৰ দিনক দিনে বৃদ্ধি পাইছে ”সাংবাদিক নিগ্ৰহ” ঘটনা৷