আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ শংকৰ-আজানৰ দেশ অসমক লৈ অসমীয়া জাতিয়ে বহু চিঞৰিছে যদিও শংকৰ-আজানৰ নাম একাংশই ৰবৰেৰে মচিদিব বিছাৰিছে। এই মন্তব্য সাংবাদিক তথা সমাজকৰ্মী মনজিৎ মহন্তৰ|
দৰাচলতে অসমৰ ভাষিক সংখ্যালঘু লোকসকলৰ আৰ্থ-সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক অধিকাৰ তথা বিভিন্ন সমস্যাৱলীৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে আপোচবিহীনভাৱে মাত মাতি অহা অসমৰ অন্যতম জাতীয় সংগঠন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, চমুকৈ ASSPৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।