বিহালঃ ৭৭নং বিহালী বিধানসভা সমষ্টিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত ২নং বৰজাৰণীত সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ড। তথ্য মতে ২ নং বৰজাৰণি গাঁৱৰ ৪৫ বছৰীয়া ফুলেশ্বৰী চাওতালৰ ঘৰত যোৱা ১৫ জানুৱাৰী নিশা একে গাঁৱৰ আলি হুছেইনে (৩০) সন্ধ্যা সাত বজাত আহি তেওঁৰ কৰ্মসূত্ৰে অৰুণাচলৰ আলঙত থাকা আৰু ভোগালী বিহু উপলক্ষে নিজ গৃহলৈ অহা কন্যাৰ শ্লীলতা হানি কৰিবলৈ চেষ্টা কৰাত আলী হুছেইনক বাধা দিয়াত হুছেইনে তেওঁৰ পিন্ধি থকা জোটা খুলি ফুলেশ্বৰী চাওতালক বুকুত জোৰকৈ প্ৰহাৰ কৰাত ফুলেশ্বৰী চাওতাল হঠাতে মুৰ্চা যায়।
অতি দৰিদ্ৰ আৰু অশিক্ষিত পৰিয়ালৰ মহিলাগৰাকীক পৰিয়ালৰ লোক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে স্থানীয় ফাৰ্মাচিতে চিকিৎসা কৰাবলৈ বাধ্য হয়। কিন্তু মহিলাগৰাকীৰ স্বাস্থ্য দ্ৰুতগতিত অৱনতি হ’বলৈ ধৰাত স্থানীয় ফাৰ্মাচিষ্টজনে উন্নত চিকিৎসাৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ পৰামৰ্শ দিয়ে।