বিহালীঃ বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতা আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাৰ পৰিকল্পনা তথা বিশেষ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনে হাতত লৈছে “গাঁৱলৈ ব’লক” শীৰ্ষক এক ব্যতিক্ৰমী জনসম্পৰ্ক অভিযান।
প্ৰশাসনক ৰাইজৰ কাষ চপাই নিয়াৰ প্ৰয়াস স্বৰূপে হাতত লোৱা এই অভিযানৰ অধীনত জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল প্ৰতি পষেকতে একোখনকৈ ভিতৰুৱা গাঁৱত গৈ উপস্থিত হ’ব আৰু চৰকাৰৰ নীতি আৰু কাৰ্যসূচীসমূহৰ লগতে বিভাগীয় বিভিন্ন জনকল্যাণমূলক আঁচনি সম্পৰ্কে জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে মত বিনিময় কৰিব।