বিহালীঃ সমগ্ৰ ৰাজ্যজুৰি চলি থকা বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে অসমীয়া জাতিৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় কমিটীৰ অনুমোদন মৰ্মে জাতি ধ্বংসী বিধেয়কখন গৃহীত কৰি বিদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ চলোৱা প্ৰস্তুতিক তীব্ৰ বিৰোধিতা কৰি, বিশ্বনাথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে।
পৰিষদৰ অৰ্ধশতাধিক সদস্যৰ উপস্থিতিত বিশ্বনাথ চাৰিআলি নগৰৰ মাজ মজিয়াত দিনৰ ১১ বজাত সংগঠনটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি বিধেয়কখনৰ বিৰোধিতাৰে সংগঠনটোৱে নৰেন্দ্ৰ মোদী হায় হায়, সোণোৱাল চৰকাৰ হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক আদি শ্ল’গানৰ লগতে বি জে পি চৰকাৰক তীব্ৰ তুলা ধুনা দিয়ে।